10 Comments on “জ্ঞানাঞ্জন,Page 44”

  1. বৰ ভাল খৱৰ। এই পদক্ষেপে অতিকে জনপ্ৰিয় আৰু সুখপাঠ্য আলোচনী খনে অনন্য মাত্ৰা লাভ কৰিব। কেনেকৈ subscribe কৰিব পৰা হ’ব নিশ্চয় জানিবলৈ পায়।

  2. প্ৰান্তিক ‘অনলাইন’ত উপলব্ধি হোৱাটো এটা অতি সুন্দৰ খবৰ অসমবাসীৰ বাবে । বিশ্বৰ চুকে-কোণে থকা যি সকল লোকে (অসমীয়া, বাঙালী, মাৰোৱাৰী, হিন্দী
    ভাষী যিয়েই নহওক) অসমীয়া লিখিব, পঢ়িব আৰু ক’ব পাৰে তেওঁলোকে এতিয়া ‘প্ৰান্তিক’খন অতি সহজতেই
    পাব যাৰ ফলত ‘প্ৰান্তিক পৰিয়াল’ৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাব । আমি হয়তো সেই সকল থকা দেশবিলাকৰো
    বিভিন্ন গল্প, উপন্যাস, কবিতা, প্ৰবন্ধ আদি অসমীয়াত পঢ়িবলৈ পাম । ‘প্ৰান্তিক’ত এটা ‘প্ৰবাসী’ শিতান খোলাৰো সুন্দৰ সুযোগ আহিল ।

    পৱিত্ৰ কুমাৰ শৰ্মা

  3. প্ৰান্তিক আলোচনীখনৰ অনলাইন সংস্কৰণ প্ৰকাশ পোৱাটো খুব ভাল খবৰ৷ আজিৰ সময়ত এনে ব্যতিক্ৰমী প্ৰয়াসে আলোচনীখনক দেশে বিদেশে থকা অসমীয়া মানুহৰ বাবে সহজলভ্য কৰি তুলিব৷

  4. প্ৰান্তিকৰ অনলাইন সংস্কৰণত সুখী হ’লোঁ । সাম্প্ৰতিক সময়ৰ আহ্বান । আশা কৰোঁ আলোচনীখনে পঢ়ুৱৈ সমাজক উপকৃত কৰিব ।

  5. সুখবৰ, ডাকযোগে পঢ়ি আছিলোঁ,এতিয়া অনলাইনত উপলব্ধ হোৱাৰ বাবে ভাল লাগিল। ধন্যবাদ আৰু লগতে শুভেচ্ছা থাকিল।
    সীমা শ‌ইকিয়া।

  6. এটা সুন্দৰ পদক্ষেপ। এতিয়াৰপৰা প্ৰান্তিকখন ঘৰত থৈ আজৰি সময়ত সহজে পঢ়িব পৰাকৈ হাততো উপলব্ধ হল।

  7. কিনি নপঢ়িলে আলোচনী খন কেনেকৈ চলিব?

Leave a Reply

Your email address will not be published. Required fields are marked *