2 Comments on “শেষপৃষ্ঠা-Page-66”

  1. Editor, PRANTIK

    Dear Sir,
    I would like to submit an article to be published in your esteemed magazine. Below I have attached a portion of it. If you think this is something you would like to entertain or publish in Prantik I would be happy to send the complete manuscript.

    Also, it would be wonderful to have an email address to communicate.
    Best regards!
    Bharat Baruah

    সন্তানৰ মুখত নেতিবাচক উক্তিৰ প্ৰয়োজনীয়তা

    অভিভাৱকত্বৰ গুৰু সকলৰ মতে ল’ৰা-ছোৱালী ডাঙৰ দীঘল কৰাৰ কোনো পাঠ্য়পুথি বা অনুসৰণ-পুথিৰ দৰকাৰ নাই। পিতৃ-মাতৃ বা অভিভাৱক হিচাবে আপুনি সদায় বিচাৰিব যে নিজৰ সন্তান বা ল’ৰা-ছোৱালী সুখী হঁওক। এক কথাত পিতৃ-মাতৃৰ সময়, প্ৰচেষ্ঠাৰ আৰু অৰ্থৰ এক বিস্তৰ ভাগ ল’ৰা-ছোৱালীক সুখী কৰোতেই খৰচ হয়। কিন্তু আপুনি বাৰু কেতিয়াবা ভাবি চাইছেনে যে পিতৃ-মাতৃৰ ল’ৰা-ছোৱালীৰ প্ৰতি থকা অতিমাত্ৰাৰ আদৰক ঢাল কৰিলৈ বস্তুবাদী সুখৰ বজাৰত যদি অতিৰিক্ত মূল্য় নিৰুপণ কৰা আছে? তেনে ক্ষেত্ৰত বাৰু আপুনাৰ কৰণীয় কি হ’ব পাৰে? কেতিয়াবা কি ল’ৰা-ছোৱালী অসুখী হোৱাটো আপুনিও মনে মনে বিচাৰে? আপুনি বাৰু কোনোবা মূহুত্বত ভাবিছেনে যে ল’ৰা-ছোৱালী কেতিয়াবা অসুখী হোৱাটো স্বাস্থ্যসন্মত বা সিহঁতৰ মানসিক বিকাশৰ বাবে প্ৰয়োজনীয় হ’ব পাৰে? চাইকোথেৰাপিস্ট টৰি ৰড্ৰিয়াগাজৰ মতে দুখ, খং, ইত্যাদি নেতিবাচক আৱেগবোৰ নেকি আমাৰ মানসিক স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। গীতিকাৰ জাভেড আখটাৰ চাহাৱৰ কিশোৰ কুমাৰে গোৱা ঠিক সেই গানটোৰ দৰেই, “জীন্দেগী কী য়হী ৰীত হ্য়ায়, হাৰ কে বাদ হী জিত হ্য়ায়… আজ গ্‘ম হ্য়ায় তো ক্‘ল হে খুচী।” মই ক’ব বিচাৰিছো যে, আপুনাৰ ল’ৰা-ছোৱালী যদি মাজে মাজে অসুখী হয়, তেন্তে আপুনি পিতৃ বা মাতৃৰ দ্বায়িত্ব সুকলুমে কৰি গৈছে। একোজন দ্বায়িত্বশীল পিতৃ বা মাতৃ হিচাবে আপুনি মাজে মধ্যে আশা কৰা দৰকাৰ যে আপুনাৰ ল’ৰা-ছোৱালী কেতিয়াবা অসুখী হওঁক বা মনলৈ নেতিবাচক চিন্তা আহক। এতিয়া কথা হৈছে কি কি বিষয়ত সিহঁত অসুখী হলে বা নেতিবাচক চিন্তা আহিলে আপুনি মনে মনে সুখী হ’ব? আহক তেন্তে তাকে বিশ্লেষণ কৰো:

    ১) “অমুক কাৰণত মোৰ মন বেয়া লাগিছে”
    এইটো এনে এটা উক্তি যে কোনো অভিভৱকেই নিজৰ সন্তানৰ পৰা শুনিবলৈ নাপালেই ৰক্ষা বুলি ভাবে। পৃথিৱীৰ কোনো অভিভৱকেই কেতিয়াও আশা নকৰিব যে তেওঁৰ সন্তানৰ মন বেয়া লাগক।………………………………………………………………………………..

Leave a Reply

Your email address will not be published. Required fields are marked *